পাখি পাখি এই মন
পাখিলগা মোৰ মন
পাখি মেলি যা উৰি
উৰি, পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম
এৰি অহা পদূলিত
বুটলি আন ল’ৰালি
উৰি, পাখি মেলি যা উৰি ।
দেউতাৰ হাঁহিৰে
আইৰ সতে উমলি
ৰ’দে বৰষুণে ধেমালি
আজলি সেই আবেলি
উৰি, পাখি মেলি যা উৰি ।
দোকমোকালি
মোৰ পঢ়াশালি
ইংৰাজী অংক
তপিনাত এছাৰি
খিৰিকি ফাকেৰে
মুকুতিৰ আবেলি
ঘৰলৈ উভতি
খেলা মৰা-মৰি
দেউতাৰ ৰঙা চকু
একেকোবে মাৰ বুকু
পঢ়া টেবুলত
ভাগৰৰ টোপনি
আইৰ নিচুকনি
মৰমৰ বুলনি ।
পাখি পাখি এই মন
পাখিলগা মোৰ মন
পাখি মেলি যা উৰি
উৰি, পাখি মেলি যা উৰি ।
জোনমণি ৰুণজুন
তেতিয়া চকুত জোন
নিভাঁজ আৱেগত
টোপাটোপে সৰা সোণ
সাঁতুৰি-নাদুৰি
এটি এটি ৰাতি দিন
খেলা লুকা-চুৰি
নিজকে বিচাৰোঁ কোন
ৰঙা-নীলা চিলা
উৰি উৰি মনে খেলা
এতিয়া কবিতা
গানৰে শলিতা
অকলে বুকুতে
চকুলো বুটলি ।
পাখি পাখি এই মন
পাখিলগা মোৰ মন
পাখি মেলি যা উৰি
উৰি, পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম
এৰি অহা পদূলিত
বুটলি আন ল’ৰালি
উৰি, পাখি মেলি যা উৰি ।
দেউতাৰ হাঁহিৰে
আইৰ সতে উমলি
ৰ’দে বৰষুণে ধেমালি
আজলি সেই আবেলি
উৰি, পাখি মেলি যা উৰি ।