Back

পাখিতেই পাখি

বোলছবি February 10, 2016 2,734 views

পাখিতেই পাখি লগাই উৰিবলে মন

দুৰু দুৰু কঁপিবনে তোমাৰ হিয়াখন

এথৰ দুথৰ মোৰ হেঁপাহৰ

মুঠি এমুঠি তোমাৰ আদৰৰ

তাতেই নাচি ৰ’ব দুই জোনাকী মন ।

 

কোন অমানিশা কোনোবা এন্ধাৰে

আগচিব খুজিলে মোক অজানিতে

তোমাৰে ভাৱনাৰ চাকিটি

চৌপাশে মোৰ জ্বলেহি

ইটো সিটো কৈ, বহুতো আশা

তোমাৰ সঁহাৰিতে, জিৰাব খোজা

তাতেই বাকি দিয়া এফেৰি মৰম ।

 

দেই পুৰি নিয়া মোৰো সীমনা

ৰৈ আছোঁ জানানে তোমাৰে ভৰসাত

নোৱাৰোঁ এখোজো দিবলে

অকলশৰে ম‍ই আগলে

আহোঁতে আহা সপোন এটি হৈ

যাওঁ বুলি গ’লে বুকু ভাঙে ঐ

নেলাগে নেলাগে বেলেগে মৰম ।।