Back

পুৱাৰ সূৰুয হৈ সজাম

সমবেত সংগীত
June 26, 2017 · 1,483 views

পুৱাৰ সূৰুয হৈ সজাম

মোৰ চেনেহী আই অসমীক

জোনৰ জোনাক হৈ সজাম

মোৰ শ্যামলী আই অসমীক

শান্তিৰ পখী হৈ অসমীৰ আকাশত

সাম্যৰে গীত ৰচিম ।

পুৱাৰ সূৰুয হৈ সজাম ...

নাযাচা জানো আই

আশিস তোমাৰ

বেজাৰৰ ডাৱৰ মচোঁ ...

তোমাৰ আশিস লৈ হেঁপাহেৰে আজি

শান্তিৰ পীঠ ৰচোঁ ।

মুষলধাৰে বৰষি

মোৰ আইক শীতল কৰিম

কলুষ আন্ধাৰ আঁতৰাই

চৌদিশ পোহৰাই তুলিম

শান্তিৰ পখী হৈ অসমীৰ আকাশত

সাম্যৰে গীত ৰচিম ।

আই অসমী মোৰ

আজি কৰিলোঁ পণ

আজিও সিচোঁ তোমাৰ বুকুত

অতীতৰ সোণালী ৰঙৰ ৰহণ

তোমাৰ আশিস লৈ হেঁপাহেৰে আজি

শান্তিৰ পীঠ ৰচোঁ ।।