Back

পুৱাৰ ৰ’দালিয়ে

অংগৰাগ মহন্ত
March 3, 2016 · 2,781 views

পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়

আহিবা তুমি পুৱা

আজি এই ৰাতিপুৱা

তুমি আহিলে দেখোঁ

পাহিবোৰে হাঁহি চায়

দিঠকো জান শুৱনি এক

সপোন হৈ যায়

তুমি আহিলে দেখোঁ

পখীবোৰে গীত গায়

মোৰো বাগিচাত যেন

ফাগুন সাৰ পায়

পুৱাৰ দুবৰিত পৰা

নিয়ৰে যে মিচিকায়

শৰতেও মিঠা হাঁহি

মাৰি আজি সাৰ পায়

তোমাৰ অহা বাতৰি পাই ।।