Back

পৃথিৱীখন আজি হ’লহেঁতেন যদি

নিৰ্মলপ্ৰভা বৰদলৈ March 9, 2020 1,955 views

পৃথিৱীখন আজি হ’লহেঁতেন যদি

এখনি বিহুৰ তলি

তাণ্ডৱ নৃত্যহে নাচিলোহেঁতেন

বহাগৰ বিহু বুলি

মেঘৰে ঢোল বজালোহেঁতেন

বতাহক তাল কৰি

শোষণৰ পৃথিৱী লুটিলোহেঁতেন

ভৰিৰে উজুটি মাৰি

মেহনতি মানুহক বিহুতলি লাগে

বিয়াগোম নাচনী চুলি

বিশ্বজোৰা নাচোন নাচিব

পুৰণি পৃথিৱী কালি

বিহু নাচনীৰ লঘোনীয়া পেট

গামোচাৰ ফাঁচ্ খুলি

নকৈ হহুৱাম নকৈ নচুৱাম

মুকলি বিহুতে তলি ।।