Back

প্ৰথম দেখাতেই

জিতুল সোণোৱাল
August 23, 2024 · 2,239 views

প্ৰথম দেখাতেই ভাবিছিলোঁ বহু কথা

কম বুলি নহ’ল কোৱা

আজিও নহ’ল কোৱা ।

এতিয়া যাবৰ হ’ল আপোন ঘৰলৈ

দূৰলৈ দূৰলৈ দূৰলৈ ।

প্ৰথম দেখাতেই ভাবিছিলোঁ বহু কথা

কম বুলি নহ’ল কোৱা

আজিও নহ’ল কোৱা ।

পাওঁ যদি কেতিয়াবা চিনাকি ঘাটত

মইতো নুফুলোঁ আৰু তোমাৰ বনত

তোমাৰো যে নাথাকিব উৰণীয়া মন

মন মোৰ থাকি যাব সপোন ঘাটত ।

পাওঁ যদি কেতিয়াবা চিনাকি ঘাটত

মইতো নুফুলা আৰু তোমাৰ বনত

তোমাৰো যে নাথাকিব উৰণীয়া মন

মন মোৰ থাকি যাব সপোন ঘাটত ।

এতিয়া যোৱাৰ হ’ল আপোন ঘৰলৈ

দূৰলৈ দূৰলৈ দূৰলৈ ।

প্ৰথম দেখাতেই ভাবিছিলোঁ বহু কথা

কম বুলি নহ’ল কোৱা

আজিও নহ’ল কোৱা ।

মনত পৰিবনে সোণালী দিনৰ

এটি দুটি বহু কথা নিজান পৰৰ

তোমাক যে পাইছিলোঁ অচিন ঘাটত

দিছিলোঁ যে ঠাই মোৰ হিয়াৰ কাষত ।

মনত পৰিবনে সোণালী দিনৰ

এটি দুটি বহু কথা নিজান পৰৰ

তোমাক যে পাইছিলোঁ অচিন ঘাটত

দিছিলোঁ যে ঠাই মোৰ হিয়াৰ কাষত ।

এতিয়া যোৱাৰ হ’ল আপোন ঘৰলৈ

দূৰলৈ দূৰলৈ দূৰলৈ ।

প্ৰথম দেখাতেই ভাবিছিলোঁ বহু কথা

কম বুলি নহ’ল কোৱা

আজিও নহ’ল কোৱা ।

এতিয়া যাবৰ হ’ল আপোন ঘৰলৈ

দূৰলৈ দূৰলৈ দূৰলৈ ।

(প্ৰথম দেখাতেই ভাবিছিলোঁ বহু কথা

কম বুলি নহ’ল কোৱা

আজিও নহ’ল কোৱা ।

আজিও নহ’ল কোৱা ।

আজিও নহ’ল কোৱা ।) ... সুহুৰি