Back

প্ৰীতিৰ সুবাসে

জুবিন গাৰ্গ
February 11, 2016 · 3,523 views

প্ৰীতিৰ সুবাসে

ধুৱাই দিলেহি

মোৰ এই উদাসী মন

পাহৰা গীতৰ সুৰে আহি

জগালেহি যৌৱন কিয় বাৰু ?

দুচকু তুলি

চৌপাশে চালোঁ

ফুলিছে ৰজনীগন্ধা

আকাশত দেখোঁ

শাৰদী জোনাক

নামিছে অলকানন্দা

পাহৰা গীতৰ সুৰে আহি

জগালেহি যৌৱন কিয় বাৰু ?

শত ৰজনীৰ এন্ধাৰ

আঁতৰি গ’ল

সুন্দৰৰে ৰঙৰ ফাকুৰে

জীৱন ৰাঙলী হ’ল

আকাশত দেখোঁ

শাৰদী জোনাক

নামিছে অলকানন্দা

পাহৰা গীতৰ সুৰে আহি

জগালেহি যৌৱন কিয় বাৰু ?