Back

পৰিচয় বিহীন

জে পি দাস
June 15, 2017 · 1,087 views

পৰিচয় বিহীন, যাযাবৰ নগৰী

অকলশৰীয়া মই, বিচাৰিছোঁ সঁহাৰি

পৰিচয় বিহীন, যাযাবৰ নগৰী

অকলশৰীয়া মই, বিচাৰিছোঁ সঁহাৰি ।

তুমি কোন নেজানোঁ, বাটৰে চিনাকি

নাম কি নেজানোঁ, তুমি যে অনামী

মৰমেৰে তুমি মোক, ল’বা নে আদৰি

মৰমেৰে তুমি মোক, ল’বা নে আদৰি ?

আমি যেন চিনাকি, বহু যুগৰে

আমি বান্ধ খালোঁ, হোমৰে শিখাৰে

আলফুলে তুমি মোক, ল’লা যে সাৱটি

আলফুলে তুমি মোক, ল’লা যে সাৱটি ।।