Back

ফুল কুঁৱৰীৰ

বিষ্ণুপ্ৰসাদ ৰাভা September 8, 2020 2,155 views

ফুল কুঁৱৰীৰ ৰস চুমি লৈ

পলাই ভোমোৰা

মুখ ঢাকি তাই কান্দে লুকাই

আপোন পাহৰা ।

সেই ফুলকে বুটলি আনি

তিয়ালো চকুলো সানি

গাঁঠিলো ফুলৰ মালা

ৰসেৰে ভৰাই ।

সেই ফুলৰেই মালাধাৰি

ল’লো মোৰ ডিঙিতে আঁৰি

সেই স্মৃতিটি সুৱৰি মই

হ’লো বিভোৰা ।