Back

বনৰীয়া আমি

জ্যোতিপ্ৰসাদ আগৰৱালা
November 21, 2024 · 1,897 views

বনৰীয়া আমি বনৰ চৰাই

বনে বনে ফুৰোঁ অনাই বনাই

অনাই বনাই আমি, অনাই বনাই আমি

অনাই বনাই অ’ অনাই বনাই ।

উ-উ-উ-উ-উ-উ, উ-উ-উ ।

ভৈয়ামৰে মইনা তই পোহনীয়া পখী

বনৰীয়া মইনাৰে পতালিহি সখী

ঘৰৰ কথা আমি বনত পাতি

বনৰ কথা আমি ঘৰত পাতি

পৰ্ব্বতৰে বননিত ফুৰিম বগাই

অনাই বনাই অ’, অনাই বনাই ।।