মন উৰণীয়া পখী

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

অংগৰাগ মহন্ত

Back
অংগৰাগ মহন্ত
April 5, 2016 · 4,143 views

মন উৰণীয়া পখী

হেৰুৱা ঠিকনা বিচাৰি

পাখি মেলোঁ দূৰ নীলিমলে

দিগন্তৰ সীমনালে

মন উৰণীয়া পখী ।

উৰি উৰি উৰি গধূলি

পাওঁগৈ মই ঠাই যিখনি

তাতে লওঁ কিছু জিৰণি

নিশাটিৰ হওঁ আলহী

নতুন পুৱাই জগাই দিয়ে

সপোনে আকৌ ৰিঙিয়াই মাতে

মন উৰণীয়া পখী ।

আজি যদি সাগৰে

কাইলৈ মাতে মোক পাহাৰে

চহৰৰ কোলাহলে

গাঁৱৰ চহা জীৱনে

সাদৰি মাতে মোক মহাকাশে

যাযাবৰী মন, যাযাবৰী মন

যাযাবৰী মন উৰি ফুৰে

মন উৰণীয়া পখী

হেৰুৱা ঠিকনা বিচাৰি

পাখি মেলোঁ দূৰ নীলিমলে

দিগন্তৰ সীমনালে

এই মন উৰণীয়া পখী ।।