মনলে ওভতি আহে ল’ৰালি

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

বোলছবি

Back
বোলছবি
February 10, 2016 · 2,437 views

মনলে ওভতি আহে ল’ৰালি

তোৰে মোৰে এটি এটি ধেমালি

আছিলোঁ তোৰে মৰমতে খেলি

মোৰো ভাল লগে তাকে সোঁৱৰি

অ’ অ’ অ’ ...

মনলৈ ওভতি আহে ল’ৰালি

তোৰে মোৰে এটি এটি ধেমালি ।

তোকে লৈ দেখোঁ ম‍ই মোৰে বুকুৰে এটি এটি সপোন,

আৱেগে ওপচে ভাবিলে ত‍ইয়েতো মোৰ আশাৰে জোন

ম‍ইও দেখোঁ সপোন

দিনে ৰাতিয়ে চোন

প্ৰাইয়ে আজি-কালি,

ল’ৰলি আজিও চোন আঁতৰা নাই

এহে কিনো ক’ম দাদা ম‍ইও তোৰেহে ভাই

অ’ অ’ অ’ ...

মনলৈ ওভতি আহে ল’ৰালি

তোৰে মোৰে এটি এটি ধেমালি ।

কিদৰে পাহৰোঁ তোৰে মৰমকে তোৰে চেনেহকে,

কথা দিলোঁ আজি আনিমে আঁজুৰি তোৰে সপোনকে

আগলে হ’বি ত‍ই

মোৰ পৰিচয়

আৰু লাগিছে নো কি ?

মোৰো মন তোলৈকে আনিম এজনী

বহুতৰ মাজৰ পৰা বাছি বাছি

ক‍ইনা সাজে আহিব নবৌজনী

মানুহে মানুহ ভৰিব ৰভাথলী

অ’ অ’ অ’ ...

(মনলৈ ওভতি আহে ল’ৰালি

তোৰে মোৰে এটি এটি ধেমালি) ।।