মনৰ নিজানত

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জুবিন গাৰ্গ

Back
জুবিন গাৰ্গ জুবিন গাৰ্গ
1992 · January 19, 2022 · 2,278 views
সুৰ: জুবিন গাৰ্গ কথা: জুবিন গাৰ্গ এলবাম: অনামিকা
Watch on YouTube

মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিলৈ
হঠাতে শুকালে পোহৰৰ ফুলনি
নীলিমাৰ মাজতো নাথাকা যে তুমি
নাহিবা বেদনা হৈ বুকু ভৰাই ।

হৃদয়ে আৱেগক নোৱাৰে সহিব
চকুলো বাগৰে নিৰৱে
কিমান সাৱটিম নোপোৱাৰ সপোন
বুকুৰ উমেৰে সজোৱা
দুখৰ তৰাহৈ নাচাবা চকুলৈ মোৰ উৰে নিশা ।

জীৱন সুৰভী তোমাৰ মাজতে
আছিল অকলে নিৰৱে
সঁচা প্ৰেমৰো উশাহ আছিলে
অকলশৰীয়া বুকুতে
মৰুভূৰ মায়াহৈ নাহিবা বুকুলৈ মোৰ মিছাকৈয়ে ।।