অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ
জুবিন গাৰ্গ
মায়া ... মায়া মাথোঁ মায়া
তুমি জানো সঁচানে, মৰমৰে মায়া
মায়া ভৰা দুচকুলৈ
হিয়া জুৰি আছাহি বৈ
দূৰণিৰে জোনাকী হৈ, ৰ’লা কিয় ?
হে হে হেই...
মায়া ... মায়া মাথোঁ মায়া
তুমি জানো সঁচানে, মৰমৰে মায়া ...
সাগৰৰ দৰে গভীৰ
তুমি অনা মৰমকে লৈ
আঁছো জীয়াই
দেহে মনে আছা যদি
বাৰে বাৰে গুচি যোৱা মোক
কিয় কন্দুৱাই
নানিবা সেমেকা ৰাতি
নেলাগে মোক সোঁৱৰণী
হে হে হেই...
মায়া ... মায়া মাথোঁ মায়া
তুমি জানো সঁচানে, মৰমৰে মায়া ...
মায়াৱিনী সেই ৰাতি
আহিছিলোঁ কাষলে তোমাৰ
দুখ হ’বলে
হাঁহি হাঁহি সাবটিলা
অশ্ৰুভৰা অনুভূতিবোৰ
মনত গোপনে
মৰমৰ মায়াৱী তৃষাই
দিবহি মাথোঁ বেদনা
এ এ এই...
মায়া ... মায়া মাথোঁ মায়া
তুমি জানো সঁচানে, মৰমৰে মায়া
মায়া ভৰা দুচকুলৈ
হিয়া জুৰি আছাহি বৈ
দূৰণিৰে জোনাকী হৈ, ৰ’লা কিয় ?
হে হে হেই...
মায়া ... মায়া মাথোঁ মায়া
তুমি জানো সঁচানে, মৰমৰে মায়া ।।