মায়াময় ৰূপালী জোনাক

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

নিৰ্মলপ্ৰভা বৰদলৈ

Back
নিৰ্মলপ্ৰভা বৰদলৈ
June 30, 2021 · 1,139 views

মায়াময় ৰূপালী জোনাক

ছাঁয়াঘন সৰলৰে পাত

জিৰ্ জিৰ্ জিৰ্ জুৰিৰে পাৰত

পামনে মই পামনে তোমাক ।

কাবেৰীৰ পাৰে পাৰে

গংগাৰ তীৰে তীৰে

জীৱনৰ পথে পথে

বৰ্ষা শৰততে

যাত্ৰা বিচৰাৰে

তোমাকেই বিচৰাৰে হাঁয়

মায়াময় ৰূপালী জোনাক ...

তুমি অজানা মোৰে

সুগভীৰ সুষমাৰে

তুমিয়ে জানো শান্তি

প্ৰাণৰ আঁতৰে কান্তি

মই যুগ তুষাতুৰে

মৰুভূমিৰ হাঁহাকাৰ লৈ

মায়াময় ৰূপালী জোনাক ...