অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ
জ্যোতিপ্ৰসাদ আগৰৱালা
মোৰ আজি সন্ধিয়াৰ
গানৰ কথা
প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা
গোপনৰ বাণী
মৰমেৰে সানি
গানতে মিলাই গালে
উলিয়াব জানো তোৰ
চকুৰ পানী ?
আকুল ই কণ্ঠৰ গানে
ক’ব জানো তোৰ কাণে কাণে
মোৰ হিয়া নিজানৰ
নুফুটা ব্যাথা ?
মোৰ আজি সন্ধিয়াৰ
গানৰ কথা
প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা ।।