অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ
বিষ্ণুপ্ৰসাদ ৰাভা
মোৰ জীৱনৰ আকাশতে
ইন্দ্ৰধনু গঢ়িম
সাত ৰঙেৰে মীনা কৰাই
মৰমেৰে তৰিম
কিন্কিনীয়া চকুলোৰে
হুমুনিয়াহ ভাপকণেৰে
প্ৰণয় সূৰুয দেৱতাৰে
জিলিকণি সানিম
মেদুৰ মেঘৰ মাদল কোবাই
গগন গগনা আলফুলে বাই
বিজুলী নটীৰ নাচোনটি চাই
দেৱ দি দেও দি নাচিম ।।