মোৰ দুচকুলে চোৱা

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

নিৰ্মলপ্ৰভা বৰদলৈ

Back
নিৰ্মলপ্ৰভা বৰদলৈ
February 23, 2021 · 1,567 views

মোৰ দুচকুলে চোৱা ঘনে ঘনে

পাইছা জানো মোৰ মন

তোমাৰে লিহিৰি মনৰে বাতৰি

উমানতে পালো গম ।

কি যাদু কৰিলা মোকে মনে মনে

বনজুই জ্বলালা গাত

ফাগুনৰ বতৰে বনজুই জ্বলালে

দোষ নাই মোৰে অ’ গাত ।

সঁচাই ভাল পোৱাতো মোক

সন্দেহৰ থল ক’তে

মধুৰ কথাত সঁজাতে নাই

প্ৰতিশ্ৰুতি দুচকুতে

সদায় কাষতে থাকিবানে

অচিনকৈ নদীতে পানচৈ উটালা

এতিয়া কঁপিছে মন ।

তোমাক জানো জীৱনতে পাম

নদী বয় সাগৰলৈ 

ময়ো নদী কৰিছো পণ

স্বাগতম্ জীৱনলৈ

বাধাৰ শিলনি কেনেকে যাম

কাঁইটৰ মাজতে পিৰীতি পাহৰি

জিলিকে সেন্দুৰী ৰং ।।