অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ
জ্যোতিপ্ৰসাদ আগৰৱালা
মোৰ বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী
তোৰ বাৰীত পৰিলে ছাঁ
তোৰে মনৰ কথা উটুৱাই আনিলে
সন্ধিয়াৰ বাউলী বা ।
বাউলী বাৰে আউলী চুলি
কাৰ কথা কৈয়ে
মাত কূ-উ বুলি ?
ৰূপহ কলীয়া কুলী ।।