মোৰ মন চাতকৰ কণ্ঠই

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

নিৰ্মলপ্ৰভা বৰদলৈ

Back
নিৰ্মলপ্ৰভা বৰদলৈ
October 6, 2018 · 2,480 views

মোৰ মন চাতকৰ কণ্ঠই

বৃষ্টি বিচাৰি বিচাৰি গায়

ৰ’দে পোৰা এই মৰুতে

দৃষ্টিত এটুপি বৃষ্টি নাই

মোৰ মন চাতকৰ কণ্ঠই ...

ধূলি ধোঁৱা মাথো উৰিছে

ডেউকা ভাগৰি ভাগৰিহে যায়

বেলি-তৰা ঢাকা মেঘেৰে

লগ্ন, অন্ধ নিৰুপায় 

মোৰ মন চাতকৰ কণ্ঠই ...

আজি কোনে পথ দেখুৱাব

ধূলিৰ ধোঁৱা আঁতৰাই

যদি যুগে বাট হেৰুৱাই

কণ্ঠ তৃষাত শুকুৱাই

জীৱন মৰণৰ প্ৰভেদ

একো যে নাই

মোৰ মন চাতকৰ কণ্ঠই ...

চকুৰ লোতকে তৃষা নুগুচায়

সেউজী বননি নগজায়

জীৱন প্ৰেৰণা আনিব নোৱাৰে, হায়

বতাহ জাকে যে আছে শুই

নিঠৰ জঠৰ ডাৱৰ চাই

চৌদিশে আজি জ্বলে জুই

প্লাৱন আতুৰ যুগে এই হায়

মোৰ মন চাতকৰ কণ্ঠই ...