মোৰ সমাধিত

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

চাৰু গোঁহাই

Back
চাৰু গোঁহাই
June 6, 2016 · 3,964 views

মোৰ সমাধিত ফুলি ৰ’বা তুমি

বনৰীয়া ফুল হৈ

জীৱনৰ য’ত আধা কোৱা কথা

জীৱনৰ য’ত আধা কোৱা কথা

সুবাসৰে যাবা কৈ, সুবাসৰে যাবা কৈ

বনৰীয়া ফুল হৈ ।

বনপখীয়েও উলাহেৰে গাব আমাৰ মিলন গীতি

বনপখীয়েও উলাহেৰে গাব আমাৰ মিলন গীতি

আমাক জগাই উজাগৰে ৰ’ব

বহু জোনাকী ৰাতি, বহু জোনাকী ৰাতি ।

পখীৰ গীতেৰে যেতিয়া পুৱাৰ প্ৰহৰ মুখৰ হ’ব

পখীৰ গীতেৰে যেতিয়া পুৱাৰ প্ৰহৰ মুখৰ হ’ব

আমাৰ প্ৰেমৰ স্মৃতিবোৰো বতাহে বতাহে ব’ব ।।