মোৰ ৰাগ কৰবীৰে

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জ্যোতিপ্ৰসাদ আগৰৱালা

Back
জ্যোতিপ্ৰসাদ আগৰৱালা
June 23, 2022 · 2,195 views

মোৰ ৰাগ কৰবীৰে পতা

ল’বি পূজা

চিৰ সুন্দৰ ! হে চিৰ সুন্দৰ !

তোৰে সুৰেৰে মই

ৰচিলোঁ কতনো গান

বুজা-নুবুজা

ল’বি পূজা ।

মোৰ যত অভিনৱ গান

বিকশিত কমলৰ গন্ধ সমান

মনে মনে

সোণোৱালী সপোন বিভোৰ

সপোনৰো সপোনত

ছয়াময়া ৰূপ জ্বলে তোৰ

সুৰৰ শতেক ফুলে

চকুৰ লোতক জ্বলে

নবজোৱা সুৰৰ বাঁহীটি বজা ।।