মোৰে জীৱনৰে

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জ্যোতিপ্ৰসাদ আগৰৱালা

Back
জ্যোতিপ্ৰসাদ আগৰৱালা
July 7, 2021 · 1,247 views

মোৰে জীৱনৰে সখা কৃষ্ণ

বজাৱ কি সুৰে বেণু ?

কপালতে তোৰ কোনে আঁকি দিলে

ইন্দ্ৰধনু ।

পুঁৱতি নিয়ৰে সানে চৰণতে

শুকুলা মুকুতা ৰেণু

শ্যামল গাতে কোনে

চন্দন পিন্ধালে ?

অ’ তোৰ ফুল কুমলীয়া তনু

বজাৱ সোণৰে বেণু কৃষ্ণ তই

বজাৱ সোণৰে বেণু ।

সুৰৰে জিঞ্জিৰি পিন্ধালি মোক

সুৰৰে জিঞ্জিৰি ।।