মৰম দিলি চেনেহ দিলি

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

তৃষ্ণা দেৱী

Back
তৃষ্ণা দেৱী
March 21, 2019 · 3,212 views

মৰম দিলি চেনেহ দিলি বাটতে লগ পাই

পিছে ! মই ষোল্ল বছৰত ভৰি দিয়া নাই

মৰম দিলি চেনেহ দিলি বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই ।

নাজানো ভালপোৱা কি ?

নুবুজোঁ প্ৰেম মানে কি ?

এনে কথা নকবি দুনাই

অ’ ... মই ষোল্ল বছৰত ভৰি দিয়া নাই ।

মৰম দিলি চেনেহ দিলি বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই ...

নাজান নে আইৰে ঘৰৰ মই নুমলিনী

মোৰ নাম ৰাঙঢালী মই আঁজলী ছোৱালী

অ’ ... নাজান নে আইৰে ঘৰৰ মই নুমলিনী

মোৰ নাম ৰাঙঢালী মই আঁজলী ছোৱালী

ফাগুনৰে মই পছোৱা উৰণীয়া বা

সপোনৰে ৰাজকুৱঁৰী মোৰ কিমান আশা

ফাগুনৰে মই পছোৱা উৰণীয়া বা

সপোনৰে ৰাজকুৱঁৰী মোৰ কিমান আশা

এনে কথা নকবি দুনাই

অ’ ... মই ষোল্ল বছৰত ভৰি দিয়া নাই ।

মৰম দিলি চেনেহ দিলি বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই ...

তোলৈ চাই চাই কিয় মোৰ লাজে লাগি যায়

যৌৱনৰে ৰ’দ কাঁচলিত অগনি জ্বলায়

অ’ ... তোলৈ চাই চাই কিয় মোৰ লাজে লাগি যায়

যৌৱনৰে ৰ’দ কাঁচলিত অগনি জ্বলায়

বহাগৰে মই নাচনী তইযে ঢুলীয়া

নেমাতিবি সোণ বুলি মোক মন হয় বলীয়া

কাষলে তই নাহিবি ঘনাই

অ’ ... মই ষোল্ল বছৰত ভৰি দিয়া নাই ।

মৰম দিলি চেনেহ দিলি বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই

মৰম দিলি চেনেহ দিলি বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই

মৰম দিলি চেনেহ দিলি বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই

মৰম দিলি চেনেহ দিলি বাটতে লগ পাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই

মই ষোল্ল বছৰত ভৰি দিয়া নাই ।।