মৰা আঁউসীৰ ৰাতি

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

উপেন কাকতি

Back
উপেন কাকতি
January 4, 2020 · 2,023 views

মৰা আঁউসীৰ ৰাতি ফেঁচাই কুৰুলিয়াই

ঘৰ জেউতিৰ হাঁহি নুমাই মৰহি যায় ।

আল্লাক সাৰথি কৰাহে বান্ধ

আল্লাক সাৰথি কৰাহে বান্ধ 

দেহৰে ভৰসা নাই মোৰ আল্লা

জীৱৰে তৰণী নাই মোৰ আল্লা

দেহৰে ভৰসা নাই ।

দুনীয়া এদিনৰ, দুনীয়া দুদিনৰ

দুনীয়া ফুলনি বাৰী ।

ঘুণীয়া শৰীৰত জোৱাৰৰ তেজ নাই

সময়বোৰ নাহে যে ঘুৰি মোৰ আল্লা

জীৱৰে তৰণী নাই মোৰ আল্লা

দেহৰে ভৰসা নাই ।

ঘৰৰে কাষৰে জাতি বাঁহ এজুপি

সিওঁ মোৰ সোদৰৰ ভাই ।

জীয়াই থাক মানে কৰো কাঠি-কামি

মৰিলে লগতে যায় মোৰ আল্লা

জীৱৰে তৰণী নাই মোৰ আল্লা

দেহৰে ভৰসা নাই ।