যাবলৈ খোজোঁতেই

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

বোলছবি

Back
বোলছবি
February 10, 2016 · 3,308 views

যাবলৈ খোজোঁতেই থ’মকিব দুভৰি

ডাৱৰৰ আঁৰতে নতুনৰ ৰ’দালি

চিনাকি চিনাকি দুদিনৰ চিনাকি

আঁতৰি গ’লেগৈ হ’ব যে অচিনাকি

যাবলৈ নিদিবা ৰাখিবা ধৰি

যাবলৈ খোজোঁতেই থমকিব দুভৰি

ডাৱৰৰ আঁৰতে নতুনৰ ৰ’দালি ।

কোনে বাৰু মোক মৰম দিলে

উকা হিয়া মোৰ ভৰাই থলে

ইমান দিনে আছিলে অকলে

আপোন বুলি মোক ভাবিলে কোনে

দিব পাৰে মোক মৰম কিজানি

তাকেই ভাবি ম‍ই ললোঁ সাৱটি

যাবলৈ নিদিবা কাষৰতে ৰাখিবা

আপোন বুলি তুমি যাকেই ভাবি ল’লা

আঁতৰি গ’লেগৈ ওভতি নাহে ।

মৰম জৰী যেতিয়া চিঙে

কোমল কলিজাই উচুপি কান্দে

আপোন বুলি ভাবোঁ ম‍ই যাকে

তেৱেই আহি মোৰ হিয়া ভাঙে

দিব খুজিও দিব নোৱাৰোঁ

গোপনে মৰম সাৱটি ৰাখোঁ

ফুলিব খোজোঁতেই মোহাৰি নেপেলাবা

হাহিব খোজোঁতেই আহি দুখ নিদিবা

যাবলৈ নিদিবা ৰাখিবা ধৰি ।।