লগন উকলি গ’ল

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

বিষ্ণুপ্ৰসাদ ৰাভা

Back
বিষ্ণুপ্ৰসাদ ৰাভা
May 25, 2023 · 1,407 views

লগন উকলি গ’ল

তেও যে নহ’ল কোৱা

মনৰ কথাটি মোৰ

হিয়াত গুপুতে থোৱা ।

কিমান হেঙুলী ঊষা

কিমান জোনালী নিশা

মিছাতেই গ’ল মোৰ

কিমান গধূলি পুৱা ।

মলয়াই কাণে কাণে

মনৰ বাতৰি আনে

নিখিলৰ সুৰে সুৰে

হিয়ায়ো গান জুৰে ।

শুনিছানে সেই সুৰ

পৰাণ উতলা মোৰ

হৃদয়ৰ গোৱা গান

‘ভালপোৱা ভালপোৱা’ ।।