ল’ক’ মটিভ

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

অংগৰাগ মহন্ত

Back
অংগৰাগ মহন্ত
March 8, 2016 · 2,831 views

এৰি থৈ অহা মোৰ ঐ

লুইতৰ পাৰৰে ঐ

শুৱনি গাঁৱখনি সোণ সোঁৱৰণী

কেনেকৈ মই পাহৰোঁ মই

মোকে চোন মাতে ৰৈ ৰৈ ।

কিমান যে সহজ আছিল

কিমান যে মোহনীয়া

কিমান যে প্ৰীতিৰ সেন ঐ

প্ৰেমৰ দাপোণ খনিত

উজ্বলাই জীৱন ছবি

কৈছিল আগুৱাবলৈ

আহিলোঁ বহু দূৰ

বহু দূৰ আহিলোঁ

আশা সপোনৰ পথ

কত বাটকুৰি বাই

আয়ৈ জানো পাম নে ঐ ওভতি গৈ ।

আইৰ যে কোলাত আকৌ

উমলিম এই বেলি

ল’ৰালি দুনাই ঘূৰাই লৈ

আইৰে মুখত শুনিম

সুমধুৰ নিচুকণি

ভাগৰ মোৰ পলোৱাম গৈ

দেখিলোঁ বহু পথ

পথৰ শেষতে আই

আপোন পদূলিতেই আছে হয় বাট চাই

আই ঐ যেন যাম গে উধাতু খাই ।।