সপোনত আজি

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

অংগৰাগ মহন্ত

Back
অংগৰাগ মহন্ত
March 3, 2016 · 1,634 views

সপোনত আজি

দিঠকত আজি

তোমাৰেই পৰশ ...

বতাহত আজি

উশাহত আজি

তোমাৰেই পৰশ

তোমাৰেই পৰশ, সন্ধিয়াৰ আকাশত

ডাৱৰৰ আঁৰে

লুকা-ভাকু খেলা

জিল-মিল জোনাক

সপোনত আজি

দিঠকত আজি

তোমাৰেই পৰশ

তিৰবিৰ তৰা

জাকৰ মাজত

তোমাৰ কোমল

নিবিড় পৰশ ।

ধুনীয়া সুৰ এটি

উজাগৰী ৰাতি

গুনগুনাই আছোঁ

নীৰৱতা ভাঙি

ধেমালি মন উৰি গুচি যায়

ধেমালি মন উৰি গুচি যায়

বিচাৰি তোমাৰ

সুৰীয়া ভাষাৰ

কণ্ঠৰ পৰশ

সপোনত আজি

দিঠকত আজি

তোমাৰেই পৰশ

তোমাৰেই পৰশ ...

নিসংগতাৰ

ৰাতিৰ পল গণি শেষ নহয়

কাষত তোমাক

পোৱাৰ বাবে আকুল হৃদয়

অবুজ কোলাহল

গুজৰি গুমৰি মনতে ৰয়

অভিমানৰ

প্ৰাচীৰ ভাঙি অশ্ৰু হৈ বয়

মনৰ এন্ধাৰ আঁতৰি যায়

পখীৰ মাতত ৰাতি পুৱায়

হিয়াতে আনে

পুৱাৰে ৰাগে

ন’ অনুভৱ

সপোনত আজি

দিঠকত আজি

তোমাৰেই পৰশ ।।