অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ
জ্যোতিপ্ৰসাদ আগৰৱালা
সাত সাগৰৰ দেশ বিদেশৰ
তেৰ নদীৰ পাৰে
আমাৰ দেশৰ নানা বৰণৰ
নানান নিচান উৰে ।
নানা খনিকৰে নানা কাৰিকৰে
যতনেৰে যিখিনি কৰে
নোহোৱা নোপোৱা কত অমূল্য
বাহানি গঢ়িছে নৰে ।
তাকে তোমালৈ মাত পাবলৈ
আনিছো সকলোটি
মাতা অ’ নিমাতী ।।