হে’ বিপ্লৱী

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

বিষ্ণুপ্ৰসাদ ৰাভা

Back
বিষ্ণুপ্ৰসাদ ৰাভা
April 30, 2021 · 1,586 views

হে’ বিপ্লৱী বীৰ অধিনায়ক হে’

দিয়া অগ্নিবাণী বিপ্লৱৰ

ভাঙা বন্দিশাল কোটি কালৰ

মুক্তি হওঁক নিৰ্যাতিতৰ ।

তৱ দীপ্ত অনুৰাগে

নিদ্ৰা আচম্বিতে জাগে

জাগে জাগে

জাগে নিপীড়িত দল জগতৰ ।

তব শুভ আগমনে জ্বলে

ৰক্ত ভানু নৱ তালে

দোলে উৰি দোলে

ৰাঙলী পতাকা পীড়িতৰ

দলিতৰ ।।