ৰ’দৰে চিঠি (সম্পূৰ্ণ)

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

বোলছবি

Back
বোলছবি
February 14, 2016 · 5,639 views

আকাশে দিয়া

ৰ’দৰে চিঠিক

মাটিয়ে জানা

ল’লে সাৱটি

পোহৰৰ চিয়াহী

পৰিছে চিটিকি

আকাশে দিয়া

ৰ’দৰে চিঠিক

মাটিয়ে জানা

ল’লে সাৱটি ।

আলেঙে আলেঙে

আছোঁ যে অকলে

ৰ’দৰেই মাজতে আজি

তোমাকেই পাবলে,

সেন্দুৰৰ বেলিৰে

এফুটা ৰঙেৰে

পখিৰাৰ বাটেৰে আহি

জীৱনো হ’বানে,

বতাহৰ সুহুৰি

ওঁঠতে তুলি

কলিজাৰ ধাননি

নাচে হাউলি ।

গছৰে ছায়াতে

জীৱনে জিৰালে

বিনিময় গচকে জানা

দিবতো নেজানে,

আজি যে মানুহে

প্ৰতিটো খোজতে

হাবাথুৰি খায়ো কিয়

নিজকে বিচাৰে,

সপি দিয়া নিজকে

আনৰ কাৰণে

বৈ যোৱা নদীৰ দৰে

লহৰে লহৰে ।।