অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ
জুবিন গাৰ্গ
মলয়াৰ দুপাখিত, মোৰ মনৰ বতৰা
পঠিয়ালোঁ তোমালে, তুমি আদৰি ল’বা
পালোঁ বতৰা, কি যে বুকু ভৰা
মোৰে মন বননিত, তুলিলে ঢৌ সুৰীয়া
গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ
দূৰে দূৰে নৰ’বা মোৰ, পাওঁ যেন কাষতে মোৰ
তেজে তেজে তুমি মোৰ, হোৱা যুৰীয়া …
মলয়াৰ দুপাখিত, মোৰ মনৰ বতৰা
পঠিয়ালোঁ তোমালে, তুমি আদৰি ল’বা।
অনুভৱী হিয়াতো, দুচকু সীমনাতো
যাযাবৰী ভাবনাতো, তুমিহে আছা
পুৱতিৰে কোলাতো, সন্ধিয়াৰে আঁচলতো
বাৰে বাৰে বিচাৰোঁ, কাষলে আঁহা
আহিছোঁ আহিছোঁ, তুমি মোলে চোৱা
তেজে তেজে তুমি মোৰ, হোৱা যুৰীয়া …
মলয়াৰ দুপাখিত, মোৰ মনৰ বতৰা
পঠিয়ালোঁ তোমালে, তুমি আদৰি ল’বা
পালোঁ বতৰা, কি যে বুকু ভৰা
মোৰে মন বননিত, তুলিলে ঢৌ সুৰীয়া।
উৰু উৰু উশাহে, দুৰু দুৰু বুকুৱে
মৰোঁ মৰোঁ হেঁপাহে, তোমাকে ধিয়াই
নাচোঁ নাচোঁ পোহৰে, জ্বলোঁ জ্বলোঁ সূৰুযে
ফুলোঁ ফুলোঁ ফুলেও, তোমাৰ কথা কয়
আছোঁ কাষতে দুহাতে বিচাৰি লোৱা
তেজে তেজে তুমি মোৰ, হোৱা সুৰীয়া …
মলয়াৰ দুপাখিত, মোৰ মনৰ বতৰা
পঠিয়ালোঁ তোমালে, তুমি আদৰি ল’বা
পালোঁ বতৰা, কি যে বুকু ভৰা
মোৰে মন বননিত, তুলিলে ঢৌ সুৰীয়া।
গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ
দূৰে দূৰে নৰ’বা মোৰ, পাওঁ যেন কাষতে মোৰ
তেজে তেজে তুমি মোৰ, হোৱা যুৰীয়া …
মলয়াৰ দুপাখিত, মোৰ মনৰ বতৰা
পঠিয়ালোঁ তোমালে, তুমি আদৰি ল’বা।