মোৰ মন

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জুবিন গাৰ্গ

Back
জুবিন গাৰ্গ
November 24, 2025 · 2,301 views

মোৰ মন, দুচকুত, অসহায় অকলশৰে

মোৰ স্পৰ্শ, মোৰ আকাশ, আছেই একেথৰে

মোৰ মন, মোৰ বুকুত, লিখে একেই আখৰে

মোৰ মন, মোৰ ছবি, আঁকে একেই সাঁথৰে

মোৰ মন, দুচকুত, অসহায় অকলশৰে

মোৰ স্পৰ্শ, মোৰ আকাশ, আঁকেই একেথৰে

মোৰ আঁউসীৰ জোনে, আজি পোহৰ বিচাৰে

মোৰ স্বপ্নভৰা গানে, ওঁঠেৰে নিগৰে

মোৰ ডেউকাৰ ক’লা ৰং, শুভ্র হ’ব খোজে

মোৰ কাজলী ৰাতি, বর্ণিল হ’ব খোজে

মোৰ মন, দুচকুত, অসহায় অকলশৰে

মোৰ স্পৰ্শৰ বলাকাত, বিচাৰা নিজৰ দৰে

মোৰ মন হয় পাথৰ, খুন্দি খুন্দি ভিতৰে

মোৰ তীব্র কোলাহল, ৰচে একেই সাঁথৰে

মোৰ মন, দুচকুত, অসহায় অকলশৰে

মোৰ স্পৰ্শৰ, বলাকাত, বিচাৰা নিজৰ দৰে

মোৰ মন, দুচকুত, অসহায় অকলশৰে

মোৰ স্পৰ্শ, মোৰ আকাশ, আছেই একেথৰে।