অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ
জুবিন গাৰ্গ
শুনা শুনা
কাণে কাণে আজি সেই কথা
কোৱা কোৱা
মনে মনে আজি সেই কথা
বহু দিনৰে সাৱটি থকা
নোকোৱা বহু বেথা
এন্ধাৰ ৰাতিৰ জোনাকী তুমি
মোৰ জীৱন ছৱি
মনৰ হেঁপাহো তুমি
বহু ৰহণ আঁকি
নীৰৱে মোৰ ... কাষত আছা ...
বুজিও নুবুজা কিয়, নয়নৰ প্ৰকাশ
জানিও নাজানা কিয়, মনৰ অভিলাষ
বুজিও নুবুজা কিয়, নয়নৰ প্ৰকাশ
জানিও নাজানা কিয়, মনৰ অভিলাষ
অভিমানী ... কিয় তুমি ... বুকু জ্বলোৱা
আকাশে মোৰ ... পোহৰাব ... তোমাৰ পৃথিৱীক
শুনা শুনা
কাণে কাণে আজি সেই কথা
কোৱা কোৱা
মনে মনে আজি সেই কথা
বহু দিনৰে সাৱটি থকা
নোকোৱা বহু বেথা
এন্ধাৰ ৰাতিৰ জোনাকী তুমি
মোৰ জীৱন ছৱি
মনৰ হেঁপাহো তুমি
বহু ৰহণ আঁকি
নীৰৱে মোৰ ... কাষত আছা ...
আছিলা যেতিয়া দূৰত, মেঘৰ সিপাৰত
জানিলা গোপনে আহি, এজাক সপোনত
আছিলা যেতিয়া দূৰত, মেঘৰ সিপাৰত
জানিলা গোপনে আহি, এজাক সপোনত
জীৱনে মোৰ ... নজনাকে ... চেনেহ বুলালে
সুৰৰ আকাশ ... উজলালে ... তোমাৰ মৰমে
শুনা শুনা
কাণে কাণে আজি সেই কথা
কোৱা কোৱা
মনে মনে আজি সেই কথা
বহু দিনৰে সাৱটি থকা
নোকোৱা বহু বেথা
এন্ধাৰ ৰাতিৰ জোনাকী তুমি
মোৰ জীৱন ছৱি
মনৰ হেঁপাহো তুমি
বহু ৰহণ আঁকি
নীৰৱে মোৰ ... কাষত আছা ...
শুনা শুনা
কাণে কাণে আজি সেই কথা
কোৱা কোৱা
মনে মনে আজি সেই কথা
বহু দিনৰে সাৱটি থকা
নোকোৱা বহু বেথা
এন্ধাৰ ৰাতিৰ জোনাকী তুমি
মোৰ জীৱন ছৱি
মনৰ হেঁপাহো তুমি
বহু ৰহণ আঁকি
নীৰৱে মোৰ ... কাষত আছা ।।