পথে পথে

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জুবিন গাৰ্গ

Back
জুবিন গাৰ্গ জুবিন গাৰ্গ, কবিতা কৃষ্ণমূৰ্তি
1992 · July 30, 2026 · 2,516 views
সুৰ: জুবিন গাৰ্গ কথা: সবিতা শৰ্মা এলবাম: অনামিকা
Watch on YouTube

পথে পথে জোনাকে
পোহৰালা তুমিয়ে
তৰাৰ দৰে নিৰলে
আছোঁ ৰৈ তোমালে
তুমি আজি দূৰত
আছা কিয় তুমি আজি দূৰত ?

পথে পথে জোনাকে
পোহৰালা তুমিয়ে
তৰাৰ দৰে নিৰলে
আছোঁ ৰৈ তোমালে
তুমি আজি দূৰত
আছা কিয় তুমি আজি দূৰত ?

নিশাৰ পলে পলে মোৰ
প্ৰীতিৰ হিয়া ফুলে
তোমাৰ সুবাসেৰে মোৰ
সপোনত আনো কৰে
আকাশে দিবহি মোৰ মৰমৰ
মোৰ মিঠা হাঁহিটি জীৱনৰ
দূৰণিৰে পোহৰ দুকাষে

পথে পথে জোনাকে
পোহৰালা তুমিয়ে
তৰাৰ দৰে নিৰলে
আছোঁ ৰৈ তোমালে
তুমি আজি দূৰত
আছা কিয় তুমি আজি দূৰত ?

মনৰ আকাশত তুমি
জোনৰ দৰে উজলি
আন্ধাৰ আঁউসীৰ মাজত
আশাৰ জোনাকী হাঁহি
পলাশো ৰাঙলী মোৰে সতে
বৰষা নামিলে দেহে মনে
উলাহৰে পখীয়ে ৰিঙিয়ালে

পথে পথে জোনাকে
পোহৰালা তুমিয়ে
তৰাৰ দৰে নিৰলে
আছোঁ ৰৈ তোমালে
তুমি আজি দূৰত
আছা কিয় তুমি আজি দূৰত ?

পথে পথে জোনাকে
পোহৰালা তুমিয়ে
তৰাৰ দৰে নিৰলে
আছোঁ ৰৈ তোমালে
তুমি আজি দূৰত
আছা কিয় তুমি আজি দূৰত ?
তুমি আজি দূৰত ...