অনামিকা

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জুবিন গাৰ্গ

Back
জুবিন গাৰ্গ জুবিন গাৰ্গ
1992 · February 4, 2024 · 1,983 views
সুৰ: জুবিন গাৰ্গ, উৎপল কথা: জুবিন গাৰ্গ এলবাম: অনামিকা
Watch on YouTube

হাঁহিলে তুমি মুকুতা মণি সৰে
দুচকু ভৰিলেও মন নভৰে
হাঁহিলে তুমি মুকুতা মণি সৰে
দুচকু ভৰিলেও মন নভৰে
বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা
মৰমৰ বৰষাৰে অনামিকা
কলিজা ৰঙা কৰি উজ্বলি আছা ।

বহুদিনৰে পৰা নিশা জাগি
সাচিছো যে তোমালে মন মাধুৰি
বহুদিনৰে পৰা নিশা জাগি
সাচিছোঁ যে তোমালে মন মাধুৰি
উঠলি উঠা মৰমে
গোপনে হিয়া আৱৰে
বেদনাৰ আকাশ ভাঙি
মন কিয় যে নভৰে
কোৱানা অনামিকা
কলিজা ৰঙা কৰি উজ্বলি আছা ।

সোণ সৰা সপোনৰ পাৰ ভাঙি
অসীমলে আনিলা তুমি আজি
সোণ সৰা সপোনৰ পাৰ ভাঙি
অসীমলে আনিলা তুমি আজি
ক’ত যে দুখৰ ধুমুহা
পাৰ হৈ আহি আহি
সেউজীয়া এটি ছবি
মনৰে কাষতে আঁকি
ৰৈ আছো অনামিকা
কলিজা ৰঙা কৰি উজ্বলি আছা ।

হাঁহিলে তুমি মুকুতা মণি সৰে
দুচকু ভৰিলেও মন নভৰে
হাঁহিলে তুমি মুকুতা মণি সৰে
দুচকু ভৰিলেও মন নভৰে
বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা
মৰমৰ বৰষাৰে অনামিকা
কলিজা ৰঙা কৰি উজ্বলি আছা ।