অসম আমাৰ ৰূপহী

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

ভূপেন হাজৰিকা

Back
ভূপেন হাজৰিকা
November 17, 2020 · 1,540 views

অসম আমাৰ ৰূপহী

গুণৰো নাই শেষ

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ ।

গোটেই জীৱন বিচাৰিলেও

অলেখ দিৱস ৰাতি

অসম দেশৰ দৰে নেপাওঁ

ইমান ৰসাল মাতি

চিৰ বিনন্দীয়া তোমাৰ

সেউজ পৰিবেশ

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ ।

ব'হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে

মাঘত সোণৰ হাতেৰে লখিমী আদৰে

শৰৎ নিশাই তৰাৰে সজায় আইৰে কেশ

অ' ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ ।

পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে

তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেঁতু গঢ়ে

লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ

জন্ম ল'লোঁ ইয়াতেই, ইয়াতেই যেন মৰোঁ

পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ

ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য্য উঠা দেশ ।

অসম আমাৰ ৰূপহী

গুণৰো নাই শেষ

ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য্য উঠা দেশ ।