অ’ অসমী আই

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

মিণ্টু কুমাৰ নাথ

Back
মিণ্টু কুমাৰ নাথ
June 27, 2019 · 3,434 views

অ’ অসমী আই

অ’ চেনেহী আই

আজি তোৰে বুকুত

হিংসা আৰু দূৰ্নীতিয়ে

পালেনো কিদৰে ঠাই

অ’ অসমী আই ...

জীৱনৰ প্ৰতি পলে

জীৱনৰ প্ৰতি খোজে

ভয় আৰু বিপদৰ

দিনে দিনে শংকা

বাৰুদৰ বিশাল ধ্বনি

উৰুৱাই তেজৰ ধূলি

আপোন পৰ পাহৰি

ছিন্ন মৰমৰ জৰী

অ’ অসমী আই ...

স্বাৰ্থপৰৰে মুখা

সৰু বৰ নমনা

আহিব এদিন প্ৰলয়

মৰিশালিৰে ভৰা

আমি কৰোঁ মিনতি

আমাৰ নাই শকতি

আনিব ঘূৰাই শান্তি

সোনৰ অসম জননী

অ’ অসমী আই ...