অ’ মোৰ আপোনাৰ দেশ

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জাতীয় সংগীত

Back
জাতীয় সংগীত
March 28, 2022 · 2,526 views

অ’ মোৰ আপোনাৰ দেশ

অ’ মোৰ চিকুণী দেশ

এনেখন সুৱলা, এনেখন সুফলা

এনেখন মৰমৰ দেশ ।

অ’ মোৰ সুৰীয়া মাত

অসমৰ সুৱদি মাত

পৃথিৱীৰ ক'তো বিচাৰি জনমটো

নোপোৱা কৰিলেও পাত ।

অ’ মোৰ ওপজা ঠাই

অ’ মোৰ অসমী আই

চাই লওঁ এবাৰ মুখনি তোমাৰ

হেঁপাহ মোৰ পলোৱা নাই ।