অ’ মোৰ নাৱৰ ভৰসা নাই ৰে

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

বিষ্ণুপ্ৰসাদ ৰাভা

Back
বিষ্ণুপ্ৰসাদ ৰাভা
September 10, 2015 · 4,357 views

অ’ মোৰ নাৱৰ ভৰসা নাই ৰে

হে স্বামী নাৱৰ ভৰসা নাই ৰে

নাৱৰীয়াবোৰে গুৰি বঁঠা ধৰে

গোবিন্দ নাম গাই ৰে ।

ওপৰে তপত বেলি

তলে তপত বালি

বুকুৰ উকৰ জুই জ্বলে

নৈৰে বুকুতে চাকনৈয়া ঘূৰিছে

বৈছে পকলা চলে

বিমোৰত পৰিলোঁ বুলি নাৱৰীয়া

গোবিন্দ নাম গাই ৰে ।

ক’লাকৈ ডাৱৰে আকাশখন ছাটিছে

সূৰুযে লুকাইছে গা

বিজুলী ছাটেৰে ঢেৰেকণি মাৰি

বলিছে পগলা বা

নাও টুলু বুলু বঁঠা টুলু বুলু

আৰু টুলু বুলু চৈ

পৰ্ব্বতে প্ৰমাণে ঢৌ তুলি তুলি

গৰজি উঠিছে নৈ

উপায়নো নেদেখি মোৰে নাৱৰীয়া

গোবিন্দ নাম গাই ৰে ।।