অ’ সোণ মৰমী

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জিতুল সোণোৱাল

Back
জিতুল সোণোৱাল
March 21, 2016 · 4,226 views

অ’ সোণ মৰমী অ’ মোৰ

তুমি যে মনৰ সপোন

জোন যেন মুখনি লৈ চাই

লাগিছে বুকুৰ আপোন ...

তুমি আৰু মই

নিঠৰ সময়

জোনটিও ৰয় সাক্ষী হৈ

মৰমৰে নৈ

ঢৌ তুলি বয়

ৰূপালী ৰহণ সানি লৈ

মৰম এবুকু লৈ

দুয়োটি মন, তাতে মগন ।

মধুৰ লগন

মাথোঁ কিছু ক্ষণ

জোনটিও নাথাকিলে ৰৈ

অমানিশাৰে

আন্ধাৰ আহিলে

থাকিবা জানো লগৰী হৈ

মৰম এবুকু লৈ

দুয়োটি প্ৰাণ, একেটি হৈ ।।