আইলৈ মনত পৰে

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

অংগৰাগ মহন্ত

Back
অংগৰাগ মহন্ত পাপন
2012 · March 3, 2016 · 3,727 views
সুৰ: পাপন কথা: শৰৎ বৰকাকতি এলবাম: জোনাকী ৰাতি
Watch on YouTube

সন্ধ্যা যেতিয়া নামে
জিলমিলাই কাঁচি জোনে
আইলৈ মনত পৰে
পখী যেতিয়া বাহলে আহে
কোলাহল যেতিয়া কমে
অৱসাদে আৱৰি ধৰে
আইলৈ মনত পৰে

অবুজ আবেগ উজাই আহে
চকুলো বই বাৰে বাৰে
সন্ধ্যা যেতিয়া নামে
আইলৈ মনত পৰে ।

এছাটি বতাহ ব’লে
জিৰ জিৰ বৰষুণ পৰে
মাটিৰ সুৱাস ভাহে
বিজুলী চমকি উঠে
গৰজি উঠা আকাশ দেখি
আপোন দেশলৈ মনত পৰে ...
আইলৈ মনত পৰে ।

শৰতৰ ৰাতিপুৱা বাট বুলি যায়
তলসৰা শেৱালিয়ে মিঠা সুৱাস পাই
উৰু উৰু মন শৈশৱ কাললে
ফুল বুটলি ফুৰা সোণালী দিনলে
শেৱালিৰ সুৱাস হেৰুৱাৰ দৰে
বেদনাই মোকো দহে
নিয়ৰৰ টোপাল অশ্ৰু হৈ মোৰ চকুৰে সৰে

সন্ধ্যা যেতিয়া নামে
জিলমিলাই কাঁচি জোনে
আইলৈ মনত পৰে
আইলৈ মনত পৰে
সন্ধ্যা যেতিয়া নামে
লা লা লা লা ...