আকাশ আজি মোৰ নাই

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

নিৰ্মলপ্ৰভা বৰদলৈ

Back
নিৰ্মলপ্ৰভা বৰদলৈ
November 10, 2021 · 1,230 views

আকাশ আজি মোৰ নাই, নাই

জোনাক নাই, বতাহ নাই

ডেউকা পুৰি যায় ।

দুটি বিহগ উৰিছিলো

পাখীতে পাখী থৈ

কত সপোন দেখিছিলো

আলফুল মন লৈ

ভাবিছিলো উৰি যাম

দিগন্ত পাৰ হৈ

আকাশ আজি মোৰ নাই ...

এই বনতে উৰিছিলো

জোনাকৰ মৌ লৈ

দূবৰিতে বহিছিলো

চকুতে চকু থৈ

আজি ক’ত লুকুৱাম চকুলো মোৰ

নদী মৰু হৈ কিয় যায়

কি অভিশাপত হায়

নিঠুৰ দেৱতাৰ বিচাৰ নাই ।।