আকাশ যেতিয়া সন্ধ্যা

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

পুলক বেনাৰ্জী

Back
পুলক বেনাৰ্জী
May 22, 2017 · 2,589 views

আকাশ যেতিয়া

সন্ধ্যা তৰায়ে জিলমিলায়

মোৰ যে মনত

গানৰ পখীয়ে

গুণ গুণায়

জুৰ মলয়াই

মধুৰ সুবাস

সিঁচি যায়

মোৰ যে মনত

গানৰ পখীয়ে

গুণ গুণায় ।

ৰূপালী জোনাকে

কিনো মায়া সানে

পৃথিৱী ধুৱাই ...

যেন দুচকুত

অযুত সপোন আঁকি যায়

মোৰ যে মনত

গানৰ পখীয়ে

গুণ গুণায় ।

সুৰ লহৰীয়ে

গাঁথে সুৰ সাতেসৰী

লহৰে লহৰে

উঠে মোৰ প্ৰাণ ভৰি ...

সৰু তৰাজাকে

কিনো মেলা পাতে

নীলিমা ভৰাই

যেন দুচকুত

অযুত সপোন আঁকি যায়

মোৰ যে মনত

গানৰ পখীয়ে

গুণ গুণায় ।।