আকাশে বতাহে তোমাকে দেখিছোঁ

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

বোলছবি

Back
বোলছবি
January 30, 2016 · 2,199 views

আকাশে বতাহে তোমাকে দেখিছোঁ

অচিনা আৱেশত ওপচি পৰিছোঁ

কিযে ঢৌ উঠিছে, বুকুতে সঘনে

কঁপনি তুলিছে, দেহাত শিহৰণে

I feel like something something

তুমি বাৰু জানানে ?

হিয়াৰে কোণতে কাৰ, ছবিটিনো ৰয়

ওঁঠৰে হাঁহিয়ে কি কথাটিনো কয়

তুমিনো বুজি নোপোৱানে চকুৰে ভাষা

নক’লোৱে যেনিবা মই মনৰে কথা

মৰমে কিদৰে মেৰিয়া বান্ধিছে

তোমাৰে বুকুৰে কাষলে টানিছে

I feel like something something

তুমি বাৰু জানানে ?

গাভৰু মনতে কোন, আলহীনো হয়

এবুকু সপোনে কাক সাবটিনো লয়

নখহি পৰেনো যানা মনৰে গড়া

নদী যদি নামি আহে মৰমে ভৰা

চেঁচা বতাহে মোৰ কিনো জুই আনিছে

দেহাৰে ভাঁজতে সৰিয়হ ফুটিছে

I feel like something something

তুমি বাৰু জানানে ?