অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ
বিষ্ণুপ্ৰসাদ ৰাভা
আগুৱাই বল আগুৱাই বল
আগুৱাই বল সমনীয়া
হালোৱাৰ দল হজুৱাৰ দল
বনুৱাৰ দল অ’ ৰণুৱা ।
অহৰহ জ্বলে হৃদয়ৰ দুখৰে অগনি
পুৰে দুখীৰ পেটত লঘোণত ভোকৰে পোৰণি
ছিগি ভাগি শত যুগৰ শিকলি ৰান্ধনি
ৰণ দুন্দুভি বজাই যা যা আগুৱাই আগুৱা ।।