আজি জাগা মোৰ মাতৃ

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জ্যোতিপ্ৰসাদ আগৰৱালা

Back
জ্যোতিপ্ৰসাদ আগৰৱালা
September 5, 2015 · 2,090 views

আজি জাগা মোৰ মাতৃ

জাগা জোনাকী বাটৰ যত

শকতিৰূপিনী অভিযাত্ৰী

আন্ধাৰৰ স’তে শেষ সংগ্ৰামৰ বাবে

জাগা জননী জাতি

প্ৰালয়িকী ছন্দে ...

অভিনৱ জীৱনৰ

সুৰ লয় তালে মানে

আলোকময়ী গানে গন্ধে ...

জাগা নৱ ভাৰতৰ

জাগা নৱ অসমৰ

উদ্বোধিতা জন মাতৃ,

সংস্কৃতি সবিতাৰে

পোহৰাই নবীন ধৰিত্ৰী ।

বাট দেখুৱাই ব’লা

নিখিল পৃথিৱীকে

পুণ্যভূমি ভাৰতৰ

জ্ঞানাৰুণ জ্যোতিস্নাতা

জোনাকী বাটৰ অভিযা‌ত্ৰী

জাগা নৱ জীৱনৰ

অভিনৱ মাতৃ ।।