আজি তুমি নহ’লে

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জুবিন গাৰ্গ

Back
জুবিন গাৰ্গ
March 19, 2019 · 1,301 views

(পুৰুষ)

আজি তুমি নহ’লে

মোৰ মন নভৰে

সপোনৰে পখী হৈ নামানা

গুলপীয়া ওঠেৰে

মিঠা মিঠা চুমাৰে

মোৰে দুবাহুতে ৰোৱানা ।

(মহিলা)

এতিয়াও মই দূৰণিৰে

সময় হ’লে পাবা নিবিড়ে

(পুৰুষ)

আজি তুমি নহ’লে

মোৰ মন নভৰে

সপোনৰে পখী হৈ নামানা ।

(মহিলা)

আছিলোঁ অকলে সপোনে নিবিড়ে

অচিনাকি নিশাতে

বুকুৰে উমকে সাঁছিলো তোমালে

বহু বহু যুগলে’ 

আছিলোঁ অকলে সপোনে নিবিড়ে

অচিনাকি নিশাতে

বুকুৰে উমকে সাঁচিলোঁ তোমালে

বহু বহু যুগলে’

(পুৰুষ)

আজি মন কোমল মেঘৰ দৰে

আজি মন কোমল মেঘৰ দৰে

(দুয়ো)

নিগৰে অশ্ৰু আবেগৰে ।

(পুৰুষ)

আজি তুমি নহ’লে

মোৰ মন নভৰে

সপোনৰে পখী হৈ নামানা

গুলপীয়া ওঠেৰে

মিঠা মিঠা চুমাৰে

মোৰে দুবাহুতে ৰোৱানা ।

(মহিলা)

এতিয়াও মই দূৰণিৰে

সময় হ’লে পাবা নিবিড়ে ।

(মহিলা)

কোনোবা জনমৰ পাহৰা মৰমে

আহিলে ওচৰলে’

বুকুৰে আমঠু ৰঙালে ৰঙৰে

মৰমী চাৱনিৰে

কোনোবা জনমৰ পাহৰা মৰমে

আহিলে ওচৰলে’

বুকুৰে আমঠু ৰঙালে ৰঙৰে

মৰমী চাৱনিৰে

(পুৰুষ)

আজীৱন তোমাৰ ময়েই অনল

আজীৱন তোমাৰ ময়েই অনল

(দুয়ো)

জ্বলি ৰ’ম তোমাৰে বুকুৰে হৈ ।

(পুৰুষ)

আজি তুমি নহ’লে

মোৰ মন নভৰে

সপোনৰে পখী হৈ নামানা ।