আজি পুৱতি কিহৰে আৰতি

অসমীয়া গীতৰ কথা — স্বৰগম সংগ্ৰহ

জ্যোতিপ্ৰসাদ আগৰৱালা

Back
জ্যোতিপ্ৰসাদ আগৰৱালা
September 5, 2015 · 3,910 views

আজি পুৱতি কিহৰে আৰতি
আজি পুৱতি কিহৰে আৰতি
কিনো বীন বীণা বাজে
পোহৰৰ বাটে বাটে
হে মৌন অতিথি !
আহিলা কি অভিনৱ সাজে ?
আহিলা কি অভিনৱ সাজে ?

আজি পুৱতি কিহৰে আৰতি
আজি পুৱতি কিহৰে আৰতি ...

নিদ্ৰিত নৱতম পৃথিৱী জাগে
নিদ্ৰিত নৱতম পৃথিৱী জাগে
(তোৰ) বৰ্ষণক্ষৰিত সেই জ্যোতি প্ৰভাততে
পুণ্য স্নান কৰি
পুণ্য স্নান কৰি

আজি পুৱতি কিহৰে আৰতি
আজি পুৱতি কিহৰে আৰতি
কিনো বীন বীণা বাজে
পোহৰৰ বাটে বাটে
হে মৌন অতিথি !
আহিলা কি অভিনৱ সাজে ?
আহিলা কি অভিনৱ সাজে ?

আজি পুৱতি কিহৰে আৰতি
আজি পুৱতি কিহৰে আৰতি ...

নবীন দিনৰে নৱজীৱন মাগে
নবীন দিনৰে নৱজীৱন মাগে
বিশ্বজনতা জাগে
বিশ্বজনতা জাগে
পোহৰৰ বাটে বাটে
হে মৌন অতিথি,
আহিলা কি অভিনৱ সাজে ?
আহিলা কি অভিনৱ সাজে ?

আজি পুৱতি কিহৰে আৰতি
আজি পুৱতি কিহৰে আৰতি
কিনো বীন বীণা বাজে
পোহৰৰ বাটে বাটে
হে মৌন অতিথি !
আহিলা কি অভিনৱ সাজে ?
আহিলা কি অভিনৱ সাজে ?
আহিলা কি অভিনৱ সাজে ?